৺গজেন মৰাণ
ডিৰাক সোণজান গাঁও
জন্মঃ ১৯৪২ চন
মৃত্যুঃ ১৮-০৮-২০২২ চন ৷
প্ৰয়াত গজেন মৰাণ স্বৰ্গীয় ঘোটোক মৰাণৰ বৰ পুত্ৰ ৷ তেওঁ সোণজান গাঁৱৰ স্থায়ী বাসিন্দা আছিল ৷ তেওঁৰ পত্নী ৺মুদি মৰাণ আৰু শ্ৰীমতী কানৈ মৰাণ ৷ সন্তান চাৰিজন পুত্ৰ আৰু ৪ গৰাকী জী ৷ ১৯৪২ চনত জন্মগ্ৰহণ কৰা আৰু ২০২২ চনত ইহলিলা সম্বৰণ কৰা প্ৰয়াত গজেন মৰাণ শিলিখাঘটীয়া বংশৰ ৫ নম্বৰ প্ৰজন্মৰ ব্যক্তি আছিল ৷
৺সোমেশ্বৰ মৰাণ
ডিৰাক সোণজান গাঁও
জন্মঃ ১৯৩৮ চন
মৃত্যুঃ ২২-১২-২০১৬ চন ৷
প্ৰয়াত সোমেশ্বৰ মৰাণ স্বৰ্গীয় পোৱাবৰ মৰাণৰ দ্বিতীয় পুত্ৰ ৷ তেওঁ সোণজান গাঁৱৰ স্থায়ী বাসিন্দা আছিল ৷ তেওঁৰ পত্নী শ্ৰীমতী কুকৰ্মী মৰাণ ৷ সন্তান একমাত্ৰ পুত্ৰ টম্বোধৰ মৰাণ আৰু দুগৰাকী জী ৷ ১৯৩৮ চনত জন্মগ্ৰহণ কৰা আৰু ২০১৬ চনত ইহলিলা সম্বৰণ কৰা প্ৰয়াত সোমেশ্বৰ মৰাণ শিলিখাঘটীয়া বংশৰ ৫ নম্বৰ প্ৰজন্মৰ ব্যক্তি আছিল ৷
৺সোণেশ্বৰ মৰাণ
ডিৰাক সোণজান গাঁও
জন্মঃ ১৯৪৭ চন ।
মৃত্যুঃ ২৬-০২-২০১৭ চন ৷
প্ৰয়াত ঁসোণেশ্বৰ মৰাণ স্বৰ্গীয় ঘোটোক মৰাণৰ দ্বিতীয় পুত্ৰ ৷ তেওঁ সোণজান গাঁৱৰ স্থায়ী বাসিন্দা আছিল ৷ তেওঁৰ পত্নী ৰঙিলী মৰাণ ৷ ১৯৪৭ চনত জন্মগ্ৰহণ কৰা আৰু ২০১৭ চনত ইহলিলা সম্বৰণ কৰা প্ৰয়াত সোণেশ্বৰ মৰাণ শিলিখাঘটীয়া বংশৰ ৫ নম্বৰ প্ৰজন্মৰ ব্যক্তি আছিল ৷
পিতৃ - ৺কাদন মৰাণ
জন্ম - ২৫ এপ্ৰিল ১৯৪৯ চন কুলিপথাৰ গাওঁ ৷
এখেত শিলিখাঘটীয়া বংশৰ বংশাৱলী সভাৰ এজন গুৰি ধৰোতা ব্যক্তি ৷ শিলিখাঘটীয়া বংশৰ বিভিন্ন স্থানত বাস কৰা পৰিয়াল তথা বংশধৰসকলক একেখন মঞ্চত একত্ৰিত কৰি ১৯৮৫ চনৰ এক শুভ ক্ষণত বংশৰ প্ৰথম খন বংশাৱলী সভা অনুস্থিত কৰিবলৈ উদ্যোগ গ্ৰহণ কৰিছিল ৷ উল্লেখ্য যে তেওঁৱে আছিল শিলিখাঘটীয়া বংশটোৰ প্ৰথমজন মেট্ৰিকুলেট ব্যক্তি ৷ তেওঁ একেৰাহে শিলিখাঘটীয়া বংশ উন্নয়ন সমিতিৰ সম্পাদক, শিক্ষক সন্মিলনি, শাখা সাহিত্য সভা আদি বিভিন্ন সংগঠনত জড়িতহৈ সমাজৰ হকে সেৱা আগবঢ়াইছিল ৷ বৰ্তমান তেওঁ এজন অৱসৰ প্ৰাপ্ত শিক্ষক ৷
Copyright © 2022-2024 Hilikhaghatiya Lineage All Rights Reserved